মোৰ নাম ছাইমন এইগা। মই ৱেলছৰ বাঙ্গৰত থাকোঁ আৰু মই এই ৱেবছাইটটিৰ পৰা উপাৰ্জন কৰোঁ। মই আচলতে উত্তৰ-পশ্চিম ইংলেণ্ডৰ লেঙ্কাছাইৰৰ লোক আৰু মই ফ্ৰান্স, জাৰ্ছী, টাইৱান আৰু জাপানত বাস কৰিছোঁ।
মই ফৰাছী আৰু জাৰ্মান ভাষাত মাধ্যমিক বিদ্যালয়ত পঢ়িছোঁ আৰু লিড্ছ বিশ্ববিদ্যালয়ত চীনা আৰু জাপানী ভাষাত বি.এ. কৰিছোঁ। দ্বিতীয় বৰ্ষত মই টাইপেইত মাণ্ডাৰিন চীনা আৰু অ’ছাকাত জাপানী শিকিছিলোঁ আৰু বাকী সময়খিনিত চীন দেশ আৰু হংকং ভ্ৰমণ কৰিছিলোঁ।
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত মই আকৌ এবাৰ টাইপেইত চীনা ভাষা শিকিবলৈ বৃত্তি লাভ কৰিছিলোঁ। তাৰপিছত তাত ৪বছৰৰ বাবে ব্ৰিটিছ পৰিষদত কাম কৰিছিলোঁ। মই ১৯৯৮ চনত যুক্তৰাজ্যলৈ ঘূৰি আহিছিলোঁ আৰু নিজৰ ৱেব ডিজাইন আৰু অনুবাদ ব্যৱসায় কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু ই সফল হোৱা নাছিল। কিন্তু অৱশেষত এই ছাইটটিলৈ উন্নীত কৰিলোঁ, তাৰপিছত ব্ৰিটনত বহুভাষিক কাৰ্য বিকাশক হিচাপে এটা চাকৰি পালোঁ।
২০০৮ চনত মোৰ চাকৰি ত্যাগ কৰোৱা হ’ল। কিন্তু সৌভাগ্যক্ৰমে মই তেতিয়া অম্নিগ্লটৰ পৰা জীৱননিৰ্বাহৰ যথেষ্টখিনি উপাৰ্জন কৰি আছিলোঁ, যদিও ব্ৰিটনত নহয়। মই এটা পৰিৱৰ্তনৰ সিদ্ধান্ত ললোঁ, আৰু মই বহুতো বিকল্প ৰুজীৰ কথা ভাবিলোঁ, যেনে: শিক্ষকতা, বচন, ভাষা থেৰাপী, বা চৰ্কাচত যোগদান। মই বাঙ্গৰত এম.এ কৰাৰ সিদ্ধান্ত ললোঁ আৰু তেতিয়াৰে পৰা তাতে আছোঁ।
মই ইংৰাজী, ফৰাছী, ৱেলছীয়া, মাণ্ডাৰিন চীনা আৰু আইৰীয়া সৰসৰীয়াকৈ ক’ব পাৰোঁ। মই জাৰ্মান, জাপানী, স্কটীয়া গাইলীয়া, স্পেনিছ, মাংক্স আৰু এস্পেৰান্ত’তো ভাল। মোৰ টাইৱানীয়া, কাণ্টানীয়া, ইটালীয়া, পৰ্তুগীজ, চেক, ৰুছ ভাষা, ব্ৰেটন, ওলন্দাজ, ব্ৰিটিছ চিহ্ন ভাষা (বি.এছ.এল.), কৰ্নীয়া, ছুইডীয়া আৰু টকী পনা ভাষাৰ মৌলিক জ্ঞান আছে।
মোৰ ভাষা শিক্ষাৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে অধিক তথ্য।
ভাষাৰ পিছত মোৰ প্ৰধান অনুৰাগ হৈছে গান গোৱা, বাদ্যযন্ত্ৰ বজোৱা, শুনা, লিখা, মাজে সময়ে কঞ্ছাৰ্টত যোৱা আদি। ইয়াৰোপৰি মই পঢ়ি আৰু ভেলেকী কৰি ভাল পাওঁ।
মোৰ উপাধি এইগাৰ উচ্চাৰণ হৈছে /'eɪgə/। ই ছেক্সন নাম এয়াডগাৰৰ পৰা আহিছে।
Translated into Assamese by Sagir Ahmed
Information about Assamese | Phrases | Numbers | Tower of Babel
Assamese language resources on Amazon
অসমীয়া, Bahasa Indonesia, Bahasa Melayu, বাংলা, Brezhoneg, català, čeština, Chabacano, Cymraeg, dansk, Deutsch, eesti, English, Englisc, العربية, ελληνικά, español, Esperanto, فارسى, français, Gaeilge, Gaelg, Gàidhlig, Gutiska (𐌲𐌿𐍄𐌹𐍃𐌺𐌰), 한국어, Hiligaynon, Hindi, Íslenska, italiano, עברית, Kadazan, Kala Lagaw Ya, Kernewek, Lingua Latina, magyar, मराठी, монгол, Neddersassisch, Nederlands, 日本語, norsk, occitan, ภาษาไทย, polski, português, român, Русский, Shqip, slovenčina, suomi, Svenska, Tagalog, Tamasheq, தமிழ், Türkçe, ײִדיש, 中文
About this site | Omniglot - a potted history | About me | My language learning adventures | My musical adventures | My singing adventures | Song writing | Tunesmithing | My juggling adventures
[top]

You can support this site by Buying Me A Coffee, via PayPal or Patreon, or by contributing in other ways.
If you find all the adverts annoying, there is now an Ad-free version of Omniglot which you can access for a small monthly or annual donation.
Note: all links on this site to Amazon.com, Amazon.co.uk
and Amazon.fr
are affiliate links. This means I earn a commission if you click on any of them and buy something. So by clicking on these links you can help to support this site.
[top]